প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে আজি নতুন দিল্লীত আকাশবাণীৰ ভৱনত বন্দে মাতৰম ৰাষ্ট্ৰীয় গীতটিৰ দুটা সংস্কৰণ উন্মোচন কৰে। উল্লেখযোগ্য যে, বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তীৰ স্মৃতিত এই সংস্কৰণ সমূহ ডিজিটেলভাবে মুকলি কৰা হৈছিল। এই সন্দর্ভত ভাষণ দি শ্রী দ্বিবেদীয়ে কয়, যে বন্দে মাতৰম কেৱল স্বাধীনতা আন্দোলনৰ গীত নহয়, বৰঞ্চ জাতীয় ঐক্য আৰু অখণ্ডতাৰ স্থায়ী প্রতীক। তেওঁ লগতে উল্লেখ কৰে যে, বিভিন্ন সংগীত শৈলীত উপস্থাপন কৰা এই গীতটোৰ বিভিন্ন সংস্কৰণে দেশৰ নাগৰিকৰ ওপৰত যথেষ্ট প্রভাব পেলাব আৰু জাতিটোৰ সাংস্কৃতিক বৈচিত্ৰক শক্তিশালী কৰিব। আকাশবাণীৰ সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয়, যে দেশবাসীয়ে বন্দে মাতৰমক কেবল গীত হিচাপে নহয়, শ্লোগান আৰু প্ৰণাম হিচাপেও গ্রহণ কৰিছে। উল্লেখযোগ্য যে, বন্দে মাতৰমৰ দুয়োটা সংস্কৰণৰ সুৰকাৰ ওস্তাদ জোহৰ আলীয়ে গীতটোৰ এটা সংস্কৰণ কৰ্ণাটকী আৰু আনটো হিন্দুস্তানী শৈলীত প্ৰস্তুত কৰা হৈছে বুলি প্রকাশ কৰে।
Site Admin | January 1, 2026 8:29 PM | Vande Mataram Song Launch
নতুন দিল্লীত আকাশবাণীৰ ভৱনত বন্দে মাতৰম ৰাষ্ট্ৰীয় গীতটিৰ দুটা সংস্কৰণ উন্মোচন