November 15, 2025 7:55 PM | Amrit's 10 years

printer

নতুন দিল্লীত অমৃত সেৱাৰ দশম বর্ষপূর্তি উপলক্ষে বিশেষ অনুষ্ঠান

কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি সুলভ মূল্যৰ ঔষধ আৰু চিকিৎসাৰ বাবে নিৰ্ভৰযোগ্য সামগ্ৰীৰ যোগানৰ বাবে আৰম্ভ কৰা অমৃত সেৱাৰ দশম বর্ষপূর্তি উপলক্ষে নতুন দিল্লীত আয়োজন কৰা বিশেষ অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে এই সেৱাৰ জড়িয়তে ৰোগী সকলে বিগত ১০বছৰত ৮ হাজাৰ ৫০০ কোটিতকৈও অধিক ধনৰ ৰাহি কৰিবলৈ সমৰ্থ হৈছে। ৰোগী সকলে দেশৰ কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২৫৫ খন অমৃত ফার্মাচীত ৬হাজাৰ ৫০০ৰো অধিক ঔষধৰ লগতে বিভিন্ন চিকিৎসা সামগ্রী অতি সুলভ মূল্যত লাভ কৰি আছে।

আজিৰ অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে নতুনকৈ ১০খন অমৃত ফাৰ্মাচীৰ উদ্বোধন কৰাৰ লগতে সমগ্র দেশতে ৫০০ খন অমৃত ফার্মাচী মুকলি কৰাৰ লক্ষ্যৰ কথা প্রকাশ কৰে। প্ৰতিখন চিকিৎসা মহাবিদ্যালয় আৰু জিলা চিকিৎসালয়তো অমৃত ফাৰ্মাচীৰ সুবিধা প্ৰদানৰ বিষয়তো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।