প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সুবিধাৰ অৰ্থে ঘোষণা কৰা জি এছ টি সঞ্চয় উৎসৱ যোৱা ২২ ছেপ্তেম্বৰৰ পৰা প্ৰযোজ্য হৈছে। পৰৱৰ্তী প্ৰজন্মৰ এই জি এছ টি সংস্কাৰে দেশৰ পৰোক্ষ কৰ ব্যৱস্থা সৰল কৰি তুলিছে। এই সংস্কাৰে বিভিন্ন সামগ্ৰী আৰু সেৱাৰ কৰৰ হাৰ হ্ৰাস কৰি জনসাধাৰণক সকাহ প্রদান কৰিছে। আজি আমি জি এছ টি সংস্কাৰৰ ফলত পশ্চিমবংগৰ বিভিন্ন উদ্যোগ কিধৰণে সকাহ লাভ কৰিছে, সেই বিষয়ে আলোকপাত কৰিছোঁ। নতুন জি এছ টি সংস্কাৰে পশ্চিমবংগৰ কাৰিকৰ, কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়িক সকাহ প্রদান কৰিছে। ২৫০০ টকাৰ বস্ত্ৰৰ ক্ষেত্ৰত পূৰ্বৰ ১২ শতাংশৰ পৰা জি এছ টি বর্তমান ৫ শতাংশলৈ হ্ৰাস পাইছে। ইয়াৰ ফলত স্থানীয় বস্ত্ৰ ব্যৱসায়ীসকল আৰু বস্ত্ৰ উদ্যোগ লাভান্বিত হৈছে। পশ্চিমবংগৰ পৰম্পৰাগত শিল্প আৰু স্থানীয় উৎপাদিত সামগ্ৰীসমূহত ইয়াৰ সু-প্রভাব স্পষ্ট। হস্ত নির্মিত সামগ্রী যেনে- শান্তি নিকেটনৰ ছামৰাৰ পৰা উৎপাদিত বিভিন্ন সামগ্রী, বানকুৰা টেৰাকোটা, পুৰুলিয়া মুখা, কাঁথা এম্ব্ৰয়দাৰী আৰু আমৰ পৰা উৎপাদিত বিভিন্ন খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত ৫ শতাংশ জি এছ টি নিৰ্ধাৰণ কৰা হৈছে।
Site Admin | October 5, 2025 12:21 PM | Next Gen GST
নতুন জি এছ টি সংস্কাৰে পশ্চিমবংগৰ কাৰিকৰ, কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়িক সকাহ প্রদান কৰিছে
