November 18, 2024 8:16 PM | Ayushman Card

printer

নতুনকৈ মুকলি কৰা আয়ুষ্মান বয়োজ্যেষ্ঠ বন্দনা কার্ডৰ ১০ লাখতকৈ অধিক নাম পঞ্জীয়ন

নতুনকৈ মুকলি কৰা আয়ুষ্মান বয়োজ্যেষ্ঠ বন্দনা কার্ডে ৭০ বছৰ আৰু ইয়াৰ উৰ্ধৰ ১০ লাখতকৈও অধিক জ্যেষ্ঠ নাগৰিকৰ নাম পঞ্জীয়ন কৰি উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। এই কাৰ্ডৰ জৰিয়তে আয়ুষ্মণ ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বয়োজ্যেষ্ঠ নাগৰিকসকলে বিনামূলীয়া স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে কৈছে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱা ২৯ অক্টোবৰত এই সুবিধা মুকলি কৰাৰ তিনি সপ্তাহৰ ভিতৰতে আঁচনিখনে এই মাইলৰ খুঁটি অৰ্জন কৰিছে। আয়ুষ্মান বয়োজ্যেষ্ঠ বন্দনা কাৰ্ডৰ অধীনত প্রায় ৪ লাখ মহিলাই নিজৰ নাম পঞ্জীয়ন কৰিছে। এই আঁচনিৰ অধীনত বৰ্তমানলৈকে ৯ কোটিতকৈও অধিক টকা ব্যয় কৰা হৈছে আৰু ইয়াৰ দ্বাৰা এহেজাৰ ৪০০ৰো অধিক মহিলাসহ ৭০ বছৰৰ উৰ্ধৰ চাৰি হাজাৰ ৮০০ গৰাকীৰো অধিক হিতাধিকাৰী উপকৃত হৈছে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত কেন্দ্রীয় মন্ত্রীসভাই প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সম্প্ৰসাৰণত অনুমোদন জনাইছিল। যাৰ দ্বাৰা ৭০ বছৰৰ উৰ্ধৰ বয়োজ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্য বীমাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। এই পদক্ষেপৰ দ্বাৰা ৪ কোটি ৫০ লাখ পৰিয়ালৰ প্ৰায় ৬ কোটি জ্যেষ্ঠ নাগৰিকক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।