ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নগাঁৱৰ হয়বৰগাওঁ ৰে’ল ষ্টেছনৰ লগতে দেশৰ মুঠ ১০৩ টা ৰে’ল ষ্টেছনক ২২ মে’ত অমৃত ভাৰত ষ্টেছনলৈ উন্নীত কৰা হ’ব

নগাওঁ জিলাৰ হয়বৰগাওঁ ৰে’ল ষ্টেছনৰ লগতে দেশৰ মুঠ ১০৩ টা ৰে’ল ষ্টেছনক ২২ মে’ত অমৃত ভাৰত ষ্টেছনলৈ উন্নীত কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেল ব্যৱস্থাৰে ষ্টেছনকেইটা মুকলি কৰিব। উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই আজি নগাওঁত এখন সংবাদমেলযোগে এই বিষয়ে প্রকাশ কৰে। পৰহিলৈ এই উপলক্ষে হয়বৰগাওঁ ৰে’ল ষ্টেছনত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে অমৃত ভাৰত ষ্টেছন আঁচনিৰ অধীনত, ১৮৮৭ চনতে স্থাপিত হয়বগাঁও ষ্টেছনক আধুনিক ৰূপত সজাই তোলা হৈছে। অমৃত ভাৰত ষ্টেছনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেতু, দিব্যাংগৰ বাবে উপযোগী সা-সুবিধা, বিনামুলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেছনসমূহত শ্বপিংমল আৰু ইণ্টাৰনেট কেফেৰ সুবিধা থাকিব। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেছনসমূহত স্থানীয় সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্রতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিব।