নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি অসম চৰকাৰৰ চাহ কল্যাণ, চাহ জনজাতি, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ সভাপতিত্বত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ শ্ৰম বিভাগ, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, বিদ্যুৎ, শিক্ষা, মহিলা আৰু শিশু উন্নয়ন বিভাগ, উদ্যোগ, মহকুমা কল্যাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগসমূহৰ মুৰববী বিষয়াসকল আৰু চাহ বাগিচাৰ পৰিচালকসকলে এই বৈঠকত অংশগ্রহণ কৰে। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থকা সভাখনত সহকাৰী শ্ৰম আয়ুক্তই দৃশ্যশ্ৰাৱ্য মাধ্যমেৰে জিলাখনৰ ২৪খন চাহ বাগিচাৰ লগতে বিভাগসমূহৰ দ্বাৰা ৰূপায়িত কাৰ্যাৱলীৰ বিশদ বিৱৰণ দাঙি ধৰে। মন্ত্ৰী শ্রীগোৱালাই অসম চৰকাৰে গ্ৰহণ কৰা চাহ বাগিচা মজুৰি ক্ষতিপূৰ্ণ আঁচনিৰ পৰা যাতে এগৰাকীও গৰ্ভৱতী মহিলা বঞ্চিত নহয়, তাৰ বাবে বাগান কৰ্তৃপক্ষৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়াসকলক নির্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছনৰ অধীনত জিলাখনৰ চাহ বাগিচাসমূহত বিশুদ্ধ খোৱাপানী যোগান ব্যৱস্থাৰ বৰ্তমানৰ স্থিতিৰ বুজ লয়। চাহ বাগিচাত কৰ্মৰত শ্ৰমিকসকলৰ পি এফ, গ্ৰেচ্যুইটিৰ সুবিধা সময়মতে প্ৰদান কৰিবলৈ শ্রীগোৱালাই চাহ বাগিচা কৰ্তৃপক্ষক নির্দেশ দিয়ে।
Site Admin | July 1, 2025 8:21 PM | Rupesh Gowala Meeting
নগাঁৱত মন্ত্ৰী ৰূপেশ গোৱালাৰ পর্যালোচনা বৈঠক