নগাঁও জিলা ভ্ৰমণ কৰি ২৫ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ

● মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিনজোৰা কাৰ্যসূচীৰে নগাঁও জিলা ভ্ৰমণ কৰি ২৫ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে ঐতিহ্যমণ্ডিত নেহৰুবালিত আয়োজন কৰা এখন জনসভাত অংশ লৈ মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ২৫ হাজাৰৰো অধিক অহতাসম্পন্ন মহিলাক ১০ হাজাৰ টকাকৈ মূলধন প্রদান কৰিব। তেওঁ নগাঁও আৱৰ্তভৱন চাৰিআলিৰ পৰা পানীগাঁও চাৰিআলিলৈ ৫ কোটি ২০ লাখ টকা ব্যয়েৰে নিৰ্মিত গৌৰৱ পথছোৱা মুকলি কৰিব। তদুপৰি ৮ কোটি ৭৩ লাখৰো অধিক ধন ব্যয়সাপেক্ষ কেইবামহলীয়া নতুন বজাৰগৃহ আৰু ৭ কোটি ১৩ লাখৰো অধিক টকা ব্যয়সাপেক্ষ অত্যাধুনিক ছুইমিং পুল উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ মতিৰাম বৰা পথত নৱনিৰ্মিত স্বাস্থ্য সেৱাৰ যুটিয়া সঞ্চালকৰ নতুন কাৰ্যালয় ভৱনো মুকলি কৰিব। ৪ কোটি ২৭ লাখ টকা ব্যয়েৰে এই ভৱনটো নিৰ্মাণ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।