ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 20, 2024 6:28 PM | Amit Shah

printer

নক্সালবাদ আৰু নক্সালবাদৰ ধাৰণা নিঃশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে, চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহৰ পূৰ্বে দেশৰ পৰা নক্সালবাদ আৰু নক্সালবাদৰ ধাৰণা নিঃশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত থকা নিজা বাসভৱনত আজি ছত্তিশগড়ৰ নক্সালবাদী হিংসাৰ বলি হোৱা প্ৰায় ৫৫ জন লোকৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে, বাস্তাৰৰ চাৰিখন জিলাৰ বাহিৰে সমগ্ৰ দেশতে নক্সালবাদৰ অন্ত পেলোৱাৰ প্ৰক্ৰিয়াত কেন্দ্ৰীয় চৰকাৰ সফল হৈছে। তেওঁ লগতে নক্সালসকলক হিংসা ত্যাগ কৰি আত্মসমৰ্পণ কৰিবলৈও আহ্বান জনায়। উল্লেখযোগ্য যে চৰকাৰৰ এই আহ্বানক যিসকলে অৱজ্ঞা কৰে তেওঁলোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব বুলিও শ্ৰী শ্বাহে উল্লেখ কৰে।