ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 10, 2024 5:44 PM | PM Modi

printer

ধৰ্মৰ ভিত্তিত সংৰক্ষণেৰে কংগ্ৰেছে সংবিধান পৰিৱৰ্তন কৰিবলৈ বিচৰা বুলি প্রধানমন্ত্ৰীৰ অভিযোগ

কংগ্ৰেছ দলে ধৰ্মৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থাৰ আৰম্ভণিৰে সংবিধান পৰিৱৰ্তন কৰিবলৈ বিচৰা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অভিযোগ উত্থাপন কৰিছে। এটা ব্যক্তিগত বাতৰি চেনেলত দিয়া সাক্ষাৎকাৰত শ্রীমোডীয়ে কয় যে তেওঁৰ চৰকাৰে সংবিধান পৰিৱৰ্তন কৰিব বুলি কেতিয়াও উল্লেখ কৰা নাই। বাক স্বাধীনতা সংশোধন কৰি কংগ্ৰেছে পূৰ্বেও সংবিধানৰ মূল নীতিক আক্ৰমণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোডীয়ে লগতে কংগ্ৰেছ নেতা ছেম পিটোডাই ভাৰতীয়সকলৰ বিষয়ে শেহতীয়াকৈ কৰা মন্তব্যই কংগ্ৰেছ দলৰ মনোভাৱকে প্রতিফলিত কৰে বুলি অভিযোগ তোলে। প্রধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ দৰে এখন দেশত য’ত জনসাধাৰণে কৃষ্ণক উপাসনা কৰে তেনে এখন দেশত ক’লা আৰু বগাৰ পাৰ্থক্যৰে কাম কৰাৰ কোনো প্রাসংগিকতা নাই। শ্রীমোডীয়ে লগতে কয় যে ভাৰতবৰ্ষ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ দৰে আদৰ্শৰে ধন্য এখন দেশ।