March 19, 2025 9:30 PM

printer

ধৰমতুল বনাঞ্চলত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ আৰ্তনাদ

মৰিগাঁও জিলাৰ ধৰমতুল বনাঞ্চলৰ অন্তৰ্গত আমচৈত এটা আঘাতপ্ৰাপ্ত বন্যহস্তিৰ যান্ত্ৰণা কাতৰ অৱস্থা আৰু চলন ফুৰণৰ দৃশ্যই মৰ্মাহত কৰি তুলিছে প্ৰকৃতিপ্ৰেমী জনসাধাৰণক। এই হৃদয় বিদাৰক ঘটনাটোৰ কোনো প্ৰত্যক্ষদৰ্শীয়ে এটা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য মতে প্ৰায় এসপ্তাহ জুৰি হাতীটো ধৰমতুল বনাঞ্চলৰ আমচৈ এলেকাত যন্ত্ৰনা কাতৰ হৈ চটফটাই ঘূৰি ফুৰিছে যদিও বন বিভাগে এই ক্ষেত্ৰত অজ্ঞাত প্ৰকাশ কৰাৰ অভিযোগ উঠিছে। স্থানীয় সূত্ৰে জানিব পৰা মতে কোনো দুস্কৃতিকাৰীয়ে বন্যহস্তিটোক কিছুদিন পূৰ্বে পশ্চিম কাৰ্বি আংলঙৰ পাহাৰীয়া এলেকাত চোকা অস্ত্ৰৰে শৰীৰৰ পিছৰ অংশগ্ৰহণ আঘাত কৰিছিল। গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত এই হাতীটো আহি আহি প্ৰায় এসপ্তাহ পূৰ্বে আমচৈ বনাঞ্চলত প্ৰৱেশ কৰে। যথোচিত চিকিৎসা আৰু খাদ্যৰ অভাৱত হাতীটো ক্ৰমে ক্ষীণাই শুকাই যাবলৈ ধৰিছে। আনকি খোজ কাঢ়িবলৈও সংগ্ৰাম কৰিব লগাত পৰিছে দুৰ্ভগীয়া বন্যহস্তিটো। হাতীটোৰ এই অসহায় অৱস্থাত মৰ্মাহত হৈ পৰিছে বহু প্ৰকৃতিপ্ৰেমী সংগঠন আৰু ব্যক্তি। ইফালে মৰিগাঁৱৰ উত্তৰখোলা মৌজাৰ সাৰথি গোষ্ঠীৰ মুখ্য আহ্বায়ক ডাঃ পাৰ্থ সাৰথি হাজৰিকা আৰু মৰিগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ‘সহায় অসম’ৰ সভাপতি ৰাজু মহন্তই শীঘ্ৰেই হাতী চিকিৎসাৰ কোনো বিশেষজ্ঞক আমন্ত্ৰণ কৰি আনি অথবা ট্ৰেংকু লাইজাৰৰ জৰিয়তে হাতীটোক অচেতন কৰি বন বিভাগৰ দ্বাৰা উন্নত চিকিৎসা প্ৰদান কৰি হাতীটোৰ প্ৰাণ বচাবলৈ অসম চৰকাৰৰ বন বিভাগটোক দাবী জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।