ধেমাজীৰ চিমেন নদীত নৈত উটি অহা মৃতদেহ উদ্ধাৰ

ধেমাজী জিলাৰ চিমেন নদীত আজি পুৱা নৈত উটি অহা এটি মৃতদেহ উদ্ধাৰ কৰা হয়। চিমেন নদীত দলং নিৰ্মাণৰ কাম চোৱা চিতাৰ দায়িত্বত থকা লোকে নদীত উটি অহা মৃতদেহটো প্ৰত্যক্ষ কৰি চিমেন চাপৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। মৃত লোকজন চিলাপথাৰ চিলিৰ ভাৰত বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ দালিগাঁৱৰ এজন লোকৰ ঘৰত কৰ্মৰত লোকজনৰ মৃত্যুৰ কাৰণ মৰনোত্তৰ পৰীক্ষাৰ পাছতহে জানিব পৰা যাব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।