ধেমাজি জিলাৰ বিশেষ পক্ছ’ আদালতে আজি এগৰাকী নাবালিকা ধৰ্ষণৰ গোচৰত এজন অভিযুক্তক পক্ছ’ আইনৰ অধীনত ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় দিয়ে। ২০২১ চনত গোগামুখ থানাৰ অন্তৰ্গত সোণাপুৰত এগৰাকী নাবালিকাক ধৰ্ষণৰ অভিযোগত মাণিক আলী নামৰ এই অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁৰ বিৰুদ্ধে পক্ছ’ আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয়। চাৰিবছৰজোৰা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত বিশেষ অতিৰিক্ত ছেচন ন্যায়াধীশ কল্যাণজিৎ শইকীয়াৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰে আৰু আজি ভাৰতীয় দণ্ডবিধিৰ নিৰ্দিষ্ট ধাৰা অনুসৰি এই শাস্তিৰ ৰায় দিয়ে।
Site Admin | July 22, 2025 8:32 PM | Verdict
ধেমাজি ধৰ্ষণৰ গোচৰত এজন অভিযুক্তক পক্ছ’ আইনৰ অধীনত ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড
