ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ত জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ সৈতে মন্ত্ৰী ৰণোজ পেগুৰ বৈঠক

● শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি মিচিং স্বায়ত্ত শাসিত পৰিষদৰ বাবে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ আৰু পৰিষদৰ আসন্ন নিৰ্বাচনৰ বিষয়ে অনা মিচিং সুৰক্ষা সমিতি আৰু বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হয়।

আলোচনাৰ অন্তত এম এ চি গাঁও অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ২০০৫ চনত জাৰি কৰা অধিসূচনাৰ সংশোধন আৰু পৰিষদৰ মিচিং জনবসতি নথকা গাঁওসমূহ বাদ দিয়া হ’ব বুলি উল্লেখ কৰে। তদুপৰি মিচিং আৰু অনামিচিং উভয় সম্প্ৰদায়ৰ জনবসতি থকা গাঁৱৰ ক্ষেত্ৰত মিচিং জনবসতি থকা অংশহে এম এ চিত অন্তর্ভুক্ত কৰোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে।

মিচিং জনবসতি নথকা কোনো নতুন গাঁও পৰিষদত অন্তর্ভুক্ত নহয় বুলি উল্লেখ কৰাৰ লগতে প্রতিনিধিসকলে উত্থাপন কৰা অন্যান্য সমস্যাবোৰৰো দ্রুত সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বৈঠকত ধেমাজি জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিব উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।