ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ধেমাজি জিলাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলা প্রশাসনৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন

ধেমাজি জিলাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি জিলা প্রশাসনে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে। ১৯৮৯ চনৰ ১ অক্টোবৰত ধেমাজিক পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰা হৈছিল। জিলাখনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিদ্যালয় পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা তথা মহাবিদ্যালয় পৰ্যায়ত যোগাসন আৰু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। তদুপৰি জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষাৰ সন্দৰ্ভত সজাগতামূলক বাটৰ নাট আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়৷

ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰতিষ্ঠা দিৱস উপলক্ষে ধেমাজীবাসীলৈ শুভেচ্ছা জনাইছে। এটা বার্তাত মন্ত্ৰীগৰাকীয়ে জিলাখনে বিগত সময়ছোৱাত শিক্ষা, কৃষি, নিয়োগ, উদ্যমিতাকে ধৰি প্ৰায়বোৰ ক্ষেত্ৰত উত্তৰণৰ দিশে গতি কৰিছে বুলি উল্লেখ কৰি সকলোকে ঐক্যবদ্ধ প্ৰচেষ্টাৰে ধেমাজি জিলাৰ সমৃদ্ধিৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়।