ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ধেমাজি জিলাৰ চিলাপথাৰত সীমান্ত সমন্বয় সমাৰোহ

অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত শান্তি-সম্প্ৰীতিৰ পৰিৱেশ সুদৃঢ় কৰি তোলাৰ প্ৰয়াসৰ অংশ হিচাপে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ উদ্যোগত ধেমাজি জিলা প্রশাসন আৰু প্ৰতিবেশী ৰাজ্যখনৰ নামনি চিয়াং জিলা প্ৰশাসনৰ সহযোগত সীমান্ত সমন্বয় সমাৰোহ আজি অনুষ্ঠিত হয়। ধেমাজি জিলাৰ চিলাপথাৰত আয়োজিত এই সমাৰোহত অংশ লৈ মন্ত্ৰী অতুল বৰাই কয়, যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সদিচ্ছা আৰু একান্ত আগ্ৰহৰ বাবে এই সমাৰোহৰ আয়োজন কৰা হৈছে। ইতিমধ্যে প্রতিবেশী ৰাজ্য দুখনৰ মাজত সীমা সমস্যা সমাধানৰ পথ প্রশস্ত হৈছে আৰু সীমান্তবর্তী অঞ্চলসমূহত শান্তি-সম্প্ৰীতিৰ নতুন বাতাবৰণৰ সৃষ্টি হৈছে বুলি তেওঁ উল্লেখ কৰে। আজি এই সমাৰোহৰ জৰিয়তে অসম আৰু অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া এলেকাত উন্নয়ন আৰু ব্যৱসায় বাণিজ্য ত্বৰান্বিত কৰাৰ লগতে সীমান্তৱৰ্তী এলেকাৰ পৰ্যটন উদ্যোগক উদগনি যোগোৱাৰে প্ৰয়াস কৰা হৈছে বুলি শ্ৰী বৰাই কয়। দুয়োখন ৰাজ্যৰ শিল্পীয়ে এই সমাৰোহত পৰিৱেশন কৰা পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠানে ৰাজ্য দুখনৰ মাজত সাংস্কৃতিক সমন্বয় শক্তিশালী কৰি তোলাৰ উপৰি জনগোষ্ঠীয় ঐক্য, সম্প্ৰীতিৰ উন্নয়ন ঘটাব বুলি মন্ত্ৰী শ্ৰীবৰাই আশা প্ৰকাশ কৰে। সমাৰোহত অৰুণাচল প্রদেশ বিধানসভাৰ উপাধ্যক্ষ কার্ডো নিগয়ৰে ভাষণ দি অসম আৰু অৰুণাচল সীমা সমস্যা ৮০ শতাংশ সমাধান হোৱা বুলি কয়। আজিৰ অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু, অৰুণাচল প্ৰদেশ বিধানসভাৰ উপাধ্যক্ষ কার্ডো নিগয়ৰ, সাংসদ প্ৰদান বৰুৱা, অৰুণাচল প্ৰদেশৰ বিধায়ক তজিৰ কাডুৰ উপৰি ধেমাজি আৰু নামনি চিয়াং জিলাৰ আয়ুক্ত আৰক্ষী অধীক্ষক তথা বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে।