ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ সৌজন্যত আৰু সমগ্ৰ শিক্ষা, ধেমাজিৰ সহযোগত গ্রীষ্মবন্ধ উপলক্ষে ধেমাজি জিলাত ‘গ্রীষ্মানন্দ’ শীর্ষক এটা শিশু কল্যাণমুখী, শিক্ষা সহায়ক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ১ জুলাইৰ পৰা হ’বলগীয়া গৰম বন্ধৰ দিনবোৰত ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিগত তথা সামাজিক জীৱনশৈলীৰ সুস্থ বিকাশ ঘটোৱাৰ লগতে ম’বাইল, টিভি ইত্যাদি আসক্তিৰ পৰা মুক্ত কৰি সু-অভ্যাস গঠন কৰাৰ উদ্দেশ্যেৰে এই কাৰ্যসূচীত দায়িত্ববোধ আৰু শৃংখলাপূৰ্ণ জীৱন অভ্যাসৰ প্রশিক্ষণ দিয়া হ’ব। ধেমাজি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা সমগ্ৰ শিক্ষাৰ জিলা সমন্বয়ক কবিতা ডেকাৰ প্ৰচেষ্টাত হ’বলগীয়া এই কাৰ্যসূচীৰ বিষয়ে কাইলৈ জিলাখনৰ প্ৰতিখন বিদ্যালয়ত সূচনা অনুষ্ঠান আয়োজন কৰা হৈছে। পৰিদৰ্শকগৰাকীয়ে জিলাখনত সকলো বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক এই কাৰ্যসূচীত তত্বাৱধায়কৰূপে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
Site Admin | June 29, 2025 7:34 PM | Dhemaji District Grismananda Programme
ধেমাজি জিলাত ‘গ্রীষ্মানন্দ’ শীর্ষক শিশু কল্যাণমুখী, শিক্ষা সহায়ক কাৰ্যসূচী গ্ৰহণ