ধেমাজি জিলাত কেইবাটাও অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে গোগামুখৰ ম‍ইনাপাৰাত আয়োজিত এটা অনুষ্ঠানত লোক নির্মাণ বিভাগে নিৰ্মাণ কৰা চাৰিটা পথ ৰাইজলৈ উৎসৰ্গা কৰে। মুখ্যমন্ত্রী পকী পথ নির্মাণ আঁচনিৰ অধীনত চাৰি কোটিৰো অধিক টকা ব্যয় সাপেক্ষ মইনাপাৰাৰ পৰা দীঘলী পথাৰ অভিমুখী পথ, চুতিয়াপাৰাৰ পৰা দক্ষিণ নলবাৰী এল পি স্কুল, চেতিয়াগাঁও তিনিআলিৰ পৰা আয়াং তিনিআলি আৰু বাড়ুলুকাৰ পৰা কমাৰচলালৈ যোৱা চাৰিটা পথ মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে টাইকোৱানডো সংস্থাৰ অধীনত ধেমাজি টাইকোৱানডো একাডেমীয়ে আয়োজন কৰা টাইকোৱানডো প্রতিযোগিতা উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলক উৎসাহ যোগোৱাৰ লগতে এই প্ৰতিযোগিতাৰ পৰাই ৰাজ্য তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ওলাব বুলি আশা প্ৰকাশ কৰে। ৰাজ্যৰ ৭ খন জিলাৰ ৪ শতাধিক প্রতিযোগীয়ে এই প্রতিযোগিতাত অংশ লৈছে। ডাঃ পেগুৱে অসম ফুটবল সন্থাৰ আমন্ত্রণমৰ্মে ২১ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ জিলাখনত হ’বলগীয়া সন্তোষ ট্ৰফীৰ মূল ৰাউণ্ডৰ খেলসমূহৰ প্ৰস্তুতিৰ বুজ লয়। তেওঁ ছেমি ফাইনেল আৰু ফাইনেল খেলৰ বাবে সাজু কৰা জিলাখনৰ দেউৰী বিলৰ নিৰ্মিয়মান ক্রীড়া প্রকল্প পৰিদৰ্শন কৰে। ১২ টা দলে অংশ ল’বলগীয়া এই প্রতিযোগিতাৰ উদ্বোধনী খেলত চিলাপথাৰ ষ্টেডিয়ামত ঘৰুৱা দল অসম তামিলনাডুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।