ধেমাজি-আমগুৰি-বগীবিল পথত লেছীয়াঘাট দলঙ পৰিদৰ্শন মন্ত্রী ডাঃ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত গাই নদীৰ বানে যোৱা ১৯ জুলাইত খহাই নিয়া ধেমাজি-আমগুৰি-বগীবিল পথত লেছীয়াঘাট দলঙ পৰিদৰ্শন কৰে। ডাঃ পেগুৱে পৰিস্থিতিৰ বুজ লয় আৰু দলংখনেৰে যাতায়াত অব্যাহত ৰখাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ আৰু লোকনিৰ্মাণ বিভাগক নির্দেশ দিয়ে।