মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি ধেমাজি জিলাৰ সীমামূৰীয়া গাঁও সমূহত আন্তঃৰাজ্যিক সীমা সমস্যা শীঘ্ৰেই সমাধান কৰা হ’ব বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে জিলাখনত সীমা সমস্যা থকা দহখন গাঁৱৰ ভিতৰত ৭ খনৰ সমস্যা সমাধান হৈছে আৰু ৩ খনৰ সমস্যা সমাধানৰ বাবে শীঘ্ৰেই চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা কৰা হ’ব। ড° শৰ্মাই কালি ধেমাজি আৰু ঢকুৱাখনা সমষ্টিৰ কেইবাটাও ক্ষেত্ৰৰ উন্নয়নৰ বুজ লয়। তেও পূৰ্বৰ মন্ত্ৰীসভাৰ বৈঠকত কৰা ধেমাজি কেন্দ্ৰিক ঘোষণাসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে জিলাখনত বান পৰিস্থিতি আৰু আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবেও প্রয়োজনীয় নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে জিলাখনত কেইবাটাও পথ নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। তদুপৰি ধেমাজিত চিকিৎসা মহাবিদ্যালয় তথা হাস্পতাল, সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ভৱন আৰু সংহত ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ অগ্ৰগতিৰ তেওঁ বুজ লয়। ড° শৰ্মাই ঢকুৱাখনা সমষ্টিৰ পথ উন্নয়ন আৰু কৃষি তথা স্বাস্থ্যকে ধৰি বিভিন্ন ক্ষেত্ৰৰ উন্নয়নমূলক আঁচনি ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। সমষ্টিটোৰ মহকুমা চিকিৎসালয়খন ২০০ খন বিছনাযুক্ত জিলা চিকিৎসালয়লৈ উন্নীত কৰাৰ লগতে চিকিৎসালয়খনৰ সংলগ্ন আবাসগৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য বিভাগক নির্দেশ দিয়ে। তদুপৰি তেওঁ জলজীৱন মিছনৰ অধীনত পানী যোগান, কৃষি বিভাগৰ দ্বাৰা ধান আৰু সৰিয়হ ক্রয়, ফচল বীমা যোজনা, কেইবাখনো আঁচনি আৰু প্ৰকল্পৰ কাম-কাজৰ পৰ্যালোচনা কৰে। এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণত লখিমপুৰ জিলাত স্বাক্ষৰিত ৭৯ খন বুজাবুজিৰ চুক্তি কাৰ্যকৰী কৰাৰ বাবে যাৱতীয় কাম-কাজসমূহ সম্পন্ন কৰিবলৈ তেওঁ জিলাখনৰ আয়ুক্তক নিৰ্দেশ দিছে। ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু সাংস্কৃতিক প্রকল্প নির্মাণ সন্দৰ্ভতো মুখ্যমন্ত্রীয়ে বিতংভাৱে আলোচনা কৰে। ড° শৰ্মাই কালি ডিব্ৰুগড়ৰ মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ সৈতে বৈঠকত মিলিত হৈ জনগোষ্ঠীটোৰ জনজাতিকৰণ, মটক স্বায়ত্ত শাসিত পৰিষদত মহিলাৰ সংৰক্ষিত আসন বৃদ্ধিকে ধৰি কেইবাটাও বিষয়ত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কালি ডিব্ৰুগড়ৰ লেপেটকটাৰ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এও পলিমাৰ প্ৰকল্প পৰিদৰ্শন কৰে। ড° শৰ্মাই প্ৰকল্পটোৰ কেন্দ্ৰীয় কক্ষ, পণ্যাগাৰ আৰু উৎপাদন স্থলী পৰিদৰ্শন কৰাৰ পাছত প্ৰতিষ্ঠানটোৰ শীর্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ইয়াৰ শেহতীয়া কামকাজ, উন্নয়ন তথা ভৱিষ্যত পৰিকল্পনা, প্রতিষ্ঠানটোৱে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানকে ধৰি কেইবাটাও বিষয়ত আলোচনা কৰে।
Site Admin | March 23, 2025 12:04 PM | CM Press Meet
ধেমাজিৰ সীমামূৰীয়া গাঁওসমূহত আন্তঃৰাজ্যিক সীমা সমস্যা শীঘ্ৰেই সমাধান কৰা হ’ব : মুখ্যমন্ত্রী
