November 14, 2025 9:34 PM | ranoj pegu dhemaji

printer

ধেমাজিৰ গোগামুখৰ গাৰ্লছ হাইস্কুলত প্ৰশাসনীয় ভৱনৰ আধাৰশিলা স্থাপন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিৰ গোগামুখৰ গাৰ্লছ হাইস্কুলত এটা প্ৰশাসনীয় ভৱনৰ আধাৰশিলা স্থাপন কৰে। মিছিং স্বায়ত্ত শাসিত পৰিষদৰ অনুদানেৰে নিৰ্মাণ হ’বলগীয়া এই প্ৰশাসনিক ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মিছিং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ আৰু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে। প্ৰশাসনীয় ভৱনৰ আধাৰশিলাৰ লগতে অহা বৰ্ষৰ ২০, ২১ আৰু ২২ মাৰ্চত বিদ্যালয়খনত হ’বলগীয়া সোণালী জয়ন্তী বর্ষ উদযাপনৰ অংশ হিচাপে মন্ত্রী ডাঃ পেগুৱে লাইখুটা স্থাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।