ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ধেমাজিৰ গোগামুখত শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জন কৰা ৬৯ গৰাকী প্ৰতিভাশালী যুৱক-যুৱতীক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সম্বৰ্ধনা

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিৰ গোগামুখত শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জন কৰা ৬৯ গৰাকী প্ৰতিভাশালী যুৱক-যুৱতীক সম্বৰ্ধনা জনায়। মিছিং ছাত্র সংগঠন টাকাম মিছিং পৰিণ কেবাঙৰ উদ্যোগত অনুষ্ঠিত সম্বর্ধনা অনুষ্ঠানটোত উপস্থিত থাকি মন্ত্রী ডাঃ পেগুৱে চলিত বৰ্ষৰ নীট, জে ই ইৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰা শিক্ষাৰ্থীসকলৰ লগতে ফুটবল, উছু, কিক বক্সিঙৰ দৰে খেলসমূহত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব অর্জন কৰা খেলুৱৈসকলকো সম্বৰ্ধনা জ্ঞাপন কৰে।