ধেমাজিত নৱনিৰ্মিত ধেমাজি জনজাতি জিৰণী চ’ৰাৰ গৃহ উদ্বোধন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত নৱনিৰ্মিত ধেমাজি জনজাতি জিৰণী চ’ৰাৰ গৃহ উদ্বোধন কৰে। অনুসূচিত জাতিৰ পৰিচালন সঞ্চালক বিভাগৰ ২০২২-২৩ বৰ্ষৰ আঁচনিৰ ৩ কোটি টকা আবণ্টনেৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা জিৰণী চ’ৰাই জিলাখনৰ লোকসকলক উপকৃত কৰিব বুলি মন্ত্ৰী ডাঃ পেগুৱে আশা প্রকাশ কৰে।