ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ধেমাজিত কেইবাটাও কাৰ্যসূচীত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ আৱৰ্ত ভৱনৰ নতুন গৃহৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি জিলাখনৰ আন কেইবাটাও কাৰ্যসূচীত অংশ লয়। ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ অধীনত ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই আৱৰ্ত ভৱনৰ ভূমি পূজন অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুবন পেগু উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত ধেমাজিৰ হাবুং ঐতিহ্য ক্ষেত্ৰত টাই সংগ্ৰহালয় নির্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। লোক নিৰ্মাণ বিভাগৰ অধীনত গ্লোবেল হেড পুঁজিৰ ৩ কোটি টকা ব্যয় সাপেক্ষে এই সংগ্ৰহালয়টো নিৰ্মাণ কৰা হ’ব। ডাঃ পেগুৱে আজি জিলাখনৰ বগলীজান আৰু ভূমা অঞ্চল সংযোগী আৰু বৰদৈ বাগান আৰু ৰাতুৱা সংযোগী দুখন দলঙৰো আধাৰশিলা স্থাপন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।