শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ দ্বাৰা আয়োজিত কৃষি সামগ্ৰীৰ বিতৰণ কাৰ্যসূচীত অংশ লৈ আত্মসহায়ক গোটসমূহক ১৫ খন ট্ৰেক্টৰ, ১৮ খন পাৱাৰ টিলাৰ, পাৱাৰ উইদাৰ আৰু মৰণা মৰা যন্ত্ৰ বিতৰণ কৰে। কৃষি যান্ত্ৰিকীকৰণ উপ আঁচনি তথা ধৰত্ৰি আবা জনজাতীয় গ্রাম্য উৎকর্ষ আঁচনিৰ অধীনত এই কৃষি সঁজুলিসমূহ বিতৰণ কৰা হয়। ডাঃ পেগুৱে তেওঁৰ ভাষণত কয়, যে যান্ত্ৰিকীকৰণৰ দ্ৰুত বিকাশৰ লগে লগে কৃষি ক্রমান্বয়ে অধিক লাভজনক আৰু বহনক্ষম জীৱিকালৈ পৰিণত হৈছে। সেয়েহে উন্নত কৃষি পদ্ধতিৰ জৰিয়তে সবলীকৰণৰ পথ মুকলি কৰিবলৈ মন্ত্ৰীগৰাকীয়ে কৃষকসকলক আহ্বান জনায়। ডাঃ পেগুৱে ইয়াৰ পূৰ্বে লখিমপুৰ জিলাত আয়োজিত এখন নাগৰিক সভাত অংশ লৈ ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। তেওঁ এইবাৰৰ বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আৱণ্টন জনোৱা বিভিন্ন ক্ষেত্ৰৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত দীর্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে এই বাজেট অতি গুৰুত্বপূৰ্ণ বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে এইবাৰৰ বাজেট উত্তৰ-পূৰ্বাঞ্চলত নতুন প্রকল্প নির্মাণ, শিক্ষাৰ গুণগত মান উন্নীতকৰণ, নতুন প্রযুক্তি গ্রহণ, গৱেষণাৰ উপৰি ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ ৰূপায়ণত বিশেষভাৱে সহায়ক হ’ব। ডাঃ পেগুৱে দেশৰ সামগ্রিক উন্নয়নেৰে এখন নতুন আৰু শক্তিশালী ভাৰত গঢ়াৰ লক্ষ্যৰে কেন্দ্ৰীয় বাজেটত গ্ৰহণ কৰা উন্নয়নমুখী পদক্ষেপৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ শলাগ লয়।
Site Admin | February 27, 2025 8:02 PM
ধেমাজিত কৃষি সামগ্ৰী বিতৰণ কাৰ্যসূচীত মন্ত্রী ডাঃ ৰণোজ পেগুৰ অংশ