January 7, 2026 8:53 PM | dhemaji radio

printer

ধেমাজিত অহা ২০ জানুৱাৰীত অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

অহা ২০ জানুৱাৰীত অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ধেমাজি জিলাৰ মাছখোৱাৰ যোৰকটা সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে। অনাতাঁৰ মৰম আকলুৱা পৰিয়ালে প্ৰতিবছৰে কেইবাটাও বঁটা প্ৰদান কৰি আহিছে। আকাশবাণীৰ নিয়মীয়া শ্রোতা তথা পত্র লেখক বিশ্বনাথৰ নিগম গাঁৱৰ শৰৎ দুৱৰা, ধেমাজি জিলাৰ মাছখোৱাৰ অজিৎ দিহিঙ্গীয়া আৰু যোৰহাট জিলাৰ জাঁজীৰ দীনেশ শর্মাই এই বৰ্ষৰ ৰেডিঅ’ অনুৰাগী শ্রোতা বন্ধু বঁটা লাভ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা কৰবী হাজৰিকা, ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা ৰীতা গগৈ বৰা, যোৰহাট কেন্দ্ৰৰ ঘোষক দিগন্ত বৰা আৰু তেজপুৰ কেন্দ্ৰৰ ঘোষক ত্রলোক্য বৰাই এই বৰ্ষৰ বিশেষ ঘোষক-ঘোষিকা বঁটা লাভ কৰিছে। একেদৰে দেৰগাঁৱৰ সাংবাদিক নিৰঞ্জন দাসে এই বৰ্ষৰ যুৱ সাংবাদিকতা বঁটা আৰু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক ৰূপজ্যোতি দুৱৰাই এই বৰ্ষৰ অনুষ্ঠান প্রযোজকৰ বঁটা লাভ কৰিছে। অনাতাঁৰ কণ্ঠশিল্পী সংগীতা বৰঠাকুৰক ছৈয়দ ছাদ্দুলাৰ সোঁৱৰণত অনাতাঁৰ মৰম আকলুৱা পৰিয়ালে এটা বিশেষ বঁটা প্ৰদান কৰিব। কণ্ঠশিল্পী, সুৰকাৰ ৰাজেন গোহাঁইক জুবিন গাৰ্গৰ সোঁৱৰণত এটা বিশেষ বঁটা প্ৰদান কৰা হ’ব। বঁটাসমূহত একোটাকৈ ৰেডিঅ’, সম্বৰ্ধনা পত্ৰ, এটা নাহৰ পুলি, অংগ বস্ত্র, জাপি, গামোচা, মানপত্ৰৰ লগতে একোটাকৈ কিতাপৰ টোপোলা থাকিব। অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ দিনা এই বঁটাসমূহ প্ৰদান কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।