ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ধুবুৰীৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ বিভাগীয় মুৰব্বীসকলৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ গুৰুত্বপূৰ্ণ বৈঠক

ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস কালি জিলাখনৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ বিভাগীয় মুৰব্বীসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে জিলাখনৰ বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ বাছনি তালিকাৰ তেওঁ ভালদৰে পৰ্যবেক্ষণ কৰিছে আৰু সেইসমূহ উপযুক্ত ৰূপত কাৰ্যকৰী কৰা হ’ব। গোলাঘাটত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ বটল দলিওৱাৰ ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীক শীঘ্ৰেই চিনাক্ত কৰি কঠোৰ শাস্তি বিহিব লাগে বুলি তেওঁ মন্তব্য কৰে। এই বৈঠকৰ পাছতে মন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলা বিজেপি কাৰ্যালয়ত দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে আন এখন বৈঠকতো মিলিত হয়। শ্রী দাসে আজি ধুবুৰী জিলা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।