ধুবুৰীত সন্দেহজনক দেৱাল লিখন সন্দৰ্ভত এজন লোকক আৰক্ষীৰ আটক

ধুবুৰী চহৰত সন্দেহজনক দেৱাল লিখন সন্দৰ্ভত আৰক্ষীয়ে এজন লোকক আটক কৰিছে। লোকজন ধুবুৰীৰ সমীপৱৰ্তী ভাৰত-বাংলাদেশ সীমান্তৰ গাছপালাৰ মহম্মদ নুৰুল হক বুলি জানিব পৰা গৈছে। ধৃত লোকজনক আৰক্ষীয়ে সোধা-পোছা চলাই আছে। উল্লেখযোগ্য যে যোৱানিশা ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ দেৱালত সন্দেহজনক লেখা প্ৰত্যক্ষ কৰাৰ লগতে ৬ জুনৰ নিশাও ধুবুৰী পৌৰসভাৰ তিনিখন পকীবেৰত এনেধৰণৰ লেখা প্ৰত্যক্ষ কৰা হৈছিল। অৱশ্যে ধুবুৰীৰ আৰক্ষীৰ সূত্ৰই এই বিষয়ে কোনো কথা প্ৰকাশ কৰা নাই।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।