ধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভড়াল সমাজৰ ৪৭ সংখ্যক বার্ষিক সাধাৰণ সভাত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত প্রধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভড়াল সমাজৰ ৪৭ সংখ্যক বার্ষিক সাধাৰণ সভাত অধ্যক্ষতা কৰে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নির্মলা সীতাৰমন, অশ্বিনী বৈষ্ণৱ, গজেন্দ্ৰ সিং সেখাৱট আৰু ধর্মেন্দ্ৰ প্ৰধানকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্রীমোদীয়ে ২০২২ চনত প্রধানমন্ত্রী সংগ্রহালয় মুকলি কৰিছিল। এই সংগ্ৰহালয়ত দেশৰ প্ৰতিগৰাকী প্ৰধানমন্ত্ৰীৰ অৱদান তথা কিদৰে আমাৰ গণতন্ত্রই সমাজৰ প্ৰতিটো শ্ৰেণীৰ নেতাক ৰাষ্ট্ৰ গঠনত অৰিহণা যোগোৱাত সুযোগ প্ৰদান কৰে সেয়া প্ৰদৰ্শন কৰা হয়৷