ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ধনখড়ে সদায় ভাৰতীয় সংবিধানৰ প্ৰমূল্য আৰু আদৰ্শৰাজি অক্ষুণ্ণ ৰাখি আহিছে আৰু তেওঁৰ পদবীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিতঃ ৰিজিজু

বিভিন্ন বিষয় লৈ শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত আজি সংসদৰ উভয় সদনত তুমুল বাক-বিতণ্ডাৰ সৃষ্টি হয়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে আৰু লোকসভাৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়।কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত উচ্চ সদনৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ছ’ৰ’ছ সংস্থাৰ সৈতে কংগ্ৰেছৰ একাংশ নেতাৰ সম্পৰ্ক থকা বুলি উঠা অভিযোগ সম্পর্কে সদনত আলোচনা হ’ব লাগে বুলি দাবী জনায়। তেওঁ কয়, যে এই সম্পৰ্কই দেশৰ সাৰ্বভৌমত্ব আৰু সুৰক্ষালৈ গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। তেওঁ লগতে ৰাজ্য সভাৰ সভাপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনি কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী পক্ষই জনসাধাৰণৰ মনোযোগ এই দিশৰ পৰা অন্য দিশে ঢাল খোৱাৰ চেষ্টা চলাইছে বুলি অভিযোগ তোলে। বিৰোধী পক্ষৰ এই প্ৰচেষ্টাক সকলোৱে গৰিহণা দিয়া উচিত বুলি তেওঁ মন্তব্য কৰে। শ্ৰী নাড্ডাই কয়, যে কংগ্রেছে সাংবিধানিক পদত অধিষ্ঠিতসকলৰ প্ৰতি কেতিয়াও সন্মান প্রদর্শন কৰা নাই। উচ্চ সদনৰ উপ-সভাপতি হৰিবংশে প্ৰতিবাদত সদস্যসকলক নিজ নিজ আসন গ্ৰহণ কৰিবলৈ আৰু সদনৰ কাম-কাজ চলাই নিয়াত সহায় কৰিবলৈ আহ্বান জনায় যদিও তেওঁৰ চেষ্টা অথলে যায়। পাছত উপ-সভাপতিগৰাকীয়ে সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত উচ্চ সদন মিলিত হোৱাৰ সময়ত সভাপতি জগদীপ ধনখড়ে বিভিন্ন বিষয় লৈ বিৰোধী পক্ষৰ সাংসদসকলে দাখিল কৰা সভাস্থগিতকৰণৰ জাননী প্রত্যাখ্যান কৰে। ইয়াৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰাজ্যসভাৰ সভাপতিৰ বিৰুদ্ধে দাখিল কৰা অনাস্থা প্ৰস্তাৱৰ জাননীৰ বাবে বিৰোধী পক্ষক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয়, যে কংগ্ৰেছে ইয়াৰ বাবে ক্ষমা খোজা উচিত আৰু চৰকাৰে সভাপতিৰ ভাৱমূৰ্তি ম্লান কৰিব খোজা সকলো চেষ্টা ব্যর্থ কৰিব। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ অৱদানৰ প্ৰশংসা কৰি শ্ৰী ৰিজিজুৱে কয়, যে শ্রী ধনখড়ে সদায় ভাৰতীয় সংবিধানৰ প্ৰমূল্য আৰু আদৰ্শৰাজি অক্ষুণ্ণ ৰাখি আহিছে আৰু তেওঁৰ পদবীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিত। শ্ৰী ৰিজিজুৱে লগতে একাংশ কংগ্ৰেছ নেতা আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ছ’ৰ’ছ সংস্থাৰ সৈতে যোগসূত্ৰ থকা বুলি উঠা অভিযোগৰ বিষয়টো উত্থাপন কৰে।

দলটোৱে দেশৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাবী কৰে। তেওঁ কয়, যে কংগ্ৰেছে এই সন্দৰ্ভত নিজকে নির্দোষী বুলি প্ৰমাণ কৰা উচিত। প্রাক্তন প্রধানমন্ত্রী তথা জে ডি এছৰ সাংসদ এইচ ডি দেৱেগৌড়াইও সদনত বিৰোধী পক্ষৰ আচৰণক সমালোচনা কৰে। শ্ৰী ৰিজিজুৰ অভিযোগ প্রত্যাখ্যান কৰি কংগ্ৰেছ সাংসদ প্রমোদ তিৱাৰীয়ে কয় যে তেওঁলোকে সংবিধানক বিশ্বাস কৰে। এন ডি এ চৰকাৰে সংবিধান পৰিৱৰ্তন কৰাৰ চেষ্টা চলোৱা বুলি তেওঁ অভিযোগ তোলে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে সভাপতিয়ে সদনৰ কাম-কাজ দুপৰীয়া ১২ বজালৈ স্থগিত ৰাখে। লোকসভাত পুৱাৰ ভাগত প্রশ্নকালৰ কাম-কাজ নিয়াৰিকৈ সম্পন্ন হয়। ইয়াৰ পাছতে শূন্যকালত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মণিপুৰৰ আইন-শৃংখলা পৰিস্থিতিৰ বিষয় উত্থাপন কৰে। ইয়াৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলে ৰাজ্যখনৰ অভ্যন্তৰীণ অশান্তিৰ বাবে কংগ্ৰেছ জগৰীয়া বুলি অভিযোগ তোলে। তেওঁ কয়, যে কংগ্ৰেছৰ বিদেশী শক্তিৰ সৈতে যোগসূত্র আছে। চৰকাৰে অগ্ৰাধিকাৰৰ ভিত্তিত মণিপুৰৰ বিষয়টো সমাধানৰ বাবে চেষ্টা চলাই থকা বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পাছতে শ্রী গোৱেলে একাংশ কংগ্ৰেছ নেতাৰ আমেৰিকাৰ জৰ্জ ছ’ৰ’ছ সংস্থাৰ সৈতে সম্পর্ক থকা বুলি অভিযোগ তুলি তেওঁলোকৰ অভিপ্ৰায়ক লৈ প্ৰশ্ন উত্থাপন কৰে। সদন পৰিচালনাৰ দায়িত্বত থকা সভাপতিগৰাকীয়ে পৰিস্থিতি শান্ত কৰাৰ চেষ্টা চলায় যদিও তেওঁৰ প্ৰচেষ্টা অথলে যায়। পাছত সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।