দৰং জিলাৰ থেকেৰাবাৰী গাঁৱত খাদ্যত বিষক্রিয়া হৈ ৩৫ জন ব্যক্তি অসুস্থ

দৰং জিলাৰ জলজলী খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রৰ অন্তর্গত ৰঙামাটি ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ সৰু থেকেৰাবাৰী গাঁৱত খাদ্যত বিষক্রিয়া হৈ কালি ৩৫ জন ব্যক্তি শাৰীৰিকভাৱে অসুস্থ হৈ পৰে। অসুস্থ ব্যক্তিসকলৰ ভিতৰত শিশুসহ ১১ জনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। স্বাস্থ্য বিভাগৰ প্ৰতিবেদন অনুযায়ী গাঁওখনত আয়োজিত এটা অনুষ্ঠানত পৰিৱেশন কৰা খাদ্য গ্ৰহণ কৰাৰ পাছতে এই ঘটনাটো সংঘটিত হয়। স্বাস্থ্য বিভাগে সম্প্রতি বিষয়টোৰ ওপৰত তদন্ত অব্যাহত ৰাখি আক্রান্তসকলে গ্ৰহণ কৰা খাদ্য বস্তুৰ নমুনা সংগ্ৰহ কৰি যাৱতীয় পৰীক্ষাৰ প্ৰস্তুতি চলাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।