মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সত্ৰৰ পুৰণি নামঘৰ আৰু মণিকূট নতুনকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰ দৰ্শন কৰি সেৱা আগবঢ়োৱাৰ পাছত সত্ৰ পৰিচালনা সমিতিৰ শিল্পীসকলে পৰিৱেশন কৰা সত্ৰীয়া কৃষ্টি-সংস্কৃতি উপভোগ কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰৰ ভূমি দখলমুক্ত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সংকল্পবদ্ধ বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ কয়, যে সত্ৰসমূহৰ পৱিত্ৰতা ৰক্ষাৰ বাবে চৰকাৰে নির্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে। স্থায়ী সত্ৰ আয়োগ গঠন কৰি এই আয়োগক ন্যায়ালয়ৰ সমান ক্ষমতা প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
ৰাজ্যত শীঘ্ৰেই নতুনকৈ ৪০০ চিকিৎসকক নিযুক্তি দিয়া হ’ব বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ কয়, যে জিলাই জিলাই চিকিৎসা মহাবিদ্যালয়ৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে খটৰা সত্ৰৰ চৌহদত ৰুদ্ৰাক্ষ গছৰ পুলি এটা ৰোপণ কৰে। খটৰা সত্ৰ পৰিদৰ্শন কৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে পথৰুঘাটৰ শ্বহীদ স্তম্ভত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।
ইপিনে কামৰূপ জিলাৰ দুমুনীচকীত মুখ্যমন্ত্ৰীগৰাকীয়ে দৰং জিলাৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাকালত মুখ্যমন্ত্ৰীগৰাকীয়ে দল-সংগঠনৰ প্ৰতিনিধিৰ পৰা বিভিন্ন সমস্যা সন্দৰ্ভত বুজ লয়। এই আলোচনাত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী আৰু মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস উপস্থিত থাকে।
Site Admin | June 11, 2025 9:16 PM | Akashvani Guwahati | CM Himanta Biswa Sarma | CMO Assam | Khatara satra
দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
