দৰং জিলাত জাপানীজ এনচেফেলাইটিছত বৰ্তমানলৈ মুঠ ৫ জন লোকৰ মৃত্যু

◆ দৰং জিলাত জাপানীজ এনচেফেলাইটিছ আৰু এনচেফেলাইটিছ লক্ষণযুক্ত ৰোগত বৰ্তমানলৈ মুঠ ৫ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে জাপানীজ এনছেফেলাইটিছত দুগৰাকী আৰু এ ই এছ ৰোগত তিনিগৰাকী লোকৰ মৃত্যু ঘটিছে। জিলাখনত বিগত এমাহত দুয়োবিধ বাহকজনিত ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। এই পর্যন্ত আন ১৬ জন লোক জাপানীজ এনছেফেলাইটিছ আৰু ২৭ জন এ ই এছ ৰোগত চিকিৎসাধীন হৈ আছে। জিলা স্বাস্থ্য বিভাগে বাহকজনিত এই দুয়োবিধ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে ঠায়ে ঠায়ে ফগিং কৰাৰ লগতে জনসাধাৰণৰ মাজত সজাগতা সভাৰ আয়োজন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।