দৰং জিলাত জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগৰ গুৰুতৰ ৰূপ ধাৰণ

চলিত মাহৰ দ্বিতীয় সপ্তাহটোত দৰং জিলাত শেহতীয়াকৈ জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। জিলা স্বাস্থ্য বিভাগৰ উদ্ধৃতি দি আমাৰ দৰং জিলাৰ সংবাদদাতাই জনোৱা মতে জিলাখনত এই পর্যন্ত এই দুয়োবিধ ৰোগত তিনিজন লোকৰ মৃত্যু হৈছে। ইয়াৰ লগতে জাপানীজ এনচেফেলাইটিছ ৰোগত আঠজন আৰু এনচেফেলাইটিছ সদৃশ ৰোগত আৰু ১৬জন লোক আক্ৰান্ত হৈ আছে বুলি বাতৰি পোৱা গৈছে। জিলা স্বাস্থ্য বিভাগে বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে যাৱতীয় প্ৰচেষ্টা গ্রহণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।