ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দ্বীপৰাষ্ট্র ফিলিপাইনছৰ মধ্য অঞ্চলত হোৱা ভূমিকম্পত নিহতৰ সংখ্যা ৬৯লৈ বৃদ্ধি

দ্বীপৰাষ্ট্র ফিলিপাইনছৰ মধ্য অঞ্চলত হোৱা ভূমিকম্পত নিহতৰ সংখ্যা ৬৯লৈ বৃদ্ধি হৈছে। দেশখনৰ অসামৰিক প্ৰতিৰক্ষা কাৰ্যালয়ৰ তথ্য অনুসৰি প্ৰশাসনে এতিয়াও সন্ধানহীন লোকসকলৰ পৰিচয় উলিয়াবলৈ যত্ন কৰি আছে। ভূমিকম্পত ভাগি পৰা ঘৰ-বাৰীৰ ধ্বংসস্তুপত এতিয়াও বহুলোক আবদ্ধ হৈ থকা বুলি খবৰ পোৱা গৈছে। দেশখনৰ মধ্য অঞ্চলৰ ৱিছায়াছ অঞ্চলৰ উপকূলীয় মহানগৰ ছেবুত যোৱানিশা ৬.৯ ৰিখটাৰ স্কেল প্রাবল্যৰ এটা শক্তিশালী ভূমিকম্পই জোঁকাৰি যায়। ভূমিকম্পৰ ফলত ডেৰশৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ জোকাৰনি কাষৰীয়া কেইবা প্ৰৱেশত অনুভূত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।