● দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত আজি দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হ’ব। অহা বছৰৰ ৭ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব। অৱশ্যে এই ৰাজ্যসমূহৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰা হোৱা নাই। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয়, যে এই পৰ্যায়ত উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্রদেশ, চত্তিশগড়, ৰাজস্থান, তামিলনাড়ু, পশ্চিমবংগ, গোৱা, কেৰালা, পুডুচেৰী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ তথা লাক্ষাদ্বীপত এই প্রক্রিয়া ৰূপায়ণ কৰা হ’ব। আজিৰে পৰা অহা ৩ নৱেম্বৰলৈ ভোটাৰ গণনা প্ৰপত্ৰ ছপা কৰাৰ লগতে বুথ পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হ’ব। অহা ৪ ডিচেম্বৰলৈ এই গণনা প্ৰক্ৰিয়া চলি থাকিব আৰু খচৰা ভোটাৰ তালিকা ৯ ডিচেম্বৰত প্ৰকাশপাব।
ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ দ্বিতীয় পৰ্যায়ত অসমকো সামৰি লোৱাৰ কথা আছিল যদিও অৱশেষত অসমক এই পৰ্যায়ত বাদ দিয়া হয়। মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে এই সন্দৰ্ভত সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত কয়, যে অসমত নাগৰিকত্ব আইনৰ নিজা বিধান আছে আৰু ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অৰ্থাৎ এন আৰ চিৰ কাম সম্পূৰ্ণ হোৱাৰ পথত আগবঢ়াৰ পৰিপ্ৰেক্ষিততে অসমক এইবাৰ ভোটাৰ তালিকাৰ সংশোধনীৰ পৰা বাহিৰত ৰখা হৈছে। অসমৰ বাবে পৰৱৰ্তী সময়ত সুকীয়া নিৰ্দেশ জাৰি কৰা হ’ব বুলি মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।