ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্রহণৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ পূৰ্ণ প্ৰস্তুতি

■ অহা ৭ মে’ত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্রহণৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণ গতিৰে প্ৰস্তুতি চলাই আছে। ৰাজনৈতিক দলসমূহেও নিজ নিজ প্ৰাৰ্থীৰ হৈ জনসাধাৰণৰ মন আকৰ্ষণৰ আপ্রাণ চেষ্টা অব্যাহত ৰাখিছে। দ্বিতীয় পৰ্যায়ত ৭ মে’ত নির্বাচন হ’বলগীয়া জিলাকেইখন হৈছে – কামৰূপ, কামৰূপ মহানগৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, হোজাই, মৰিগাঁও, নগাঁও আৰু দৰং জিলা।
গোৱালপাৰা জিলাত বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে নির্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে।
ভোটগ্রহণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবলৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা প্ৰশাসনে কালি প্রিজাইডিং আৰু পোলিং বিষয়াসকলক তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰে। জিলাখনৰ হাটশিঙিমাৰী মহাবিদ্যালয়ত ১১২ টা প্রিজাইডিং আৰু পোলিং গোটক অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। আজি বিয়লিৰ ভিতৰত জিলাখনৰ মুঠ ৪০৬ টা ভোটগ্রহণ কেন্দ্ৰৰ বাবে ৪৪৮ টা প্রিজাইডিং আৰু পোলিং বিষয়াৰ গোটক তৃতীয় তথা অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
বৰপেটা জিলা প্রশাসনেও দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলাখনত কালি ভোটগ্ৰহণকাৰী বিষয়াসকলৰ অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়।