● ষষ্ঠীত প্ৰতিষ্ঠা কৰা শক্তিৰূপিনী দেৱী দুৰ্গাক আজি বিজয়া দশমীত যথাবিহিত ৰীতি-নীতিৰে বিসৰ্জন দিয়া হৈছে। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হ’ব।
প্ৰতিকূল বতৰৰ মাজতে গুৱাহাটী মহানগৰীৰ পাঁচটাকৈ ঘাটত বিসর্জন প্রক্রিয়া চলি আছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি লাচিত ঘাট, পাণ্ডু ঘাট, চূণচালিকে ধৰি পাঁচটা ঘাটত বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট পথসমূহত যান-জঁটৰ সমস্যা লাঘব কৰাৰ বাবে যান বাহন আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটীত এইবাৰ ৫ শতাধিক পূজা সম্পন্ন হোৱা হেতুকে পর্যায়ক্রমে লাচিত ঘাট আৰু পাণ্ডু ঘাটত আজি আৰু কাইলৈ প্ৰতিমাসমূহ বিসর্জন দিব পাৰিব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে।
কাছাৰ জিলাতো আজি দেৱী দুৰ্গাৰ বিসৰ্জন পৰ্ব অব্যাহত আছে। শিলচৰৰ সদঘাট বিসৰ্জনস্থলীত বৰাক নৈত পৰম্পৰাগত ৰীতি-নীতিৰে প্ৰতিমাসমূহ বিসৰ্জন দিয়া হৈছে। ইয়াৰ আগেয়ে মহিলাসকলে পৰস্পৰৰ্ক মিঠাই খুৱাই সেন্দূৰ খেলি স্বামীৰ দীৰ্ঘায়ু কামনা কৰে। উল্লেখযোগ্য যে, জিলাখনত এইবাৰ এহেজাৰ ৫৯২ খন দুৰ্গা পূজা অনুষ্ঠিত হৈছে।
গোৱালপাৰা জিলাৰ ৩৬ খন পূজা সমিতিয়ে চহৰখনৰ কাছাৰীঘাটত বিসৰ্জন প্রক্রিয়া চলি আছে।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ লগতে অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ অৰ্ধশতাধিক পূজা মণ্ডপত বিজয়া দশমী উদযাপন কৰা হয়। প্ৰতিখন পূজা মণ্ডপত বিবাহিতা মহিলাসকলৰ মাজত পৰম্পৰাগত সেন্দূৰ খেলাৰ আয়োজন কৰা হয়। সেন্দূৰ খেলাৰ অন্তত যথাবিহিত ৰীতি-নীতিৰে প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয়। উল্লেখযোগ্য যে জিলাখনৰ মুঠ ৪২ খন পূজাৰ প্ৰতিমাসহ মেঘালয়ৰ হেলিডেগঞ্জ আৰু ফুলবাৰী এলেকাৰ অৰ্ধশতাধিক প্রতিমা ছটাকৈ ঘাটত বিসৰ্জন দিয়া হ’ব।
দৰং জিলাত আজি দিনৰ ১২ বজাত বিসর্জন পৰ্ব আৰম্ভ হয়। এই প্রক্রিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে আৰক্ষী, এছ ডি আৰ এফ আৰু অন্যান্য বিভাগৰ কৰ্মীসকলক সষ্টম কৰি ৰখা হৈছে ।
ধুবুৰী জিলাৰ তিনিটা ঘাটত বৈদিক নীতি-নিয়মেৰে দেৱী বিসর্জন প্রক্রিয়া চলি আছে।