ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা আধ্যাত্মিক ৰীতি-নীতিৰে নৱৰাত্ৰি পূজা

দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা আধ্যাত্মিক ৰীতি-নীতিৰে নৱৰাত্ৰি পূজা কৰা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আৰম্ভ হোৱা নৱৰাত্ৰি উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেৱী দুৰ্গাৰ ৯টা ৰূপক পূজা-অৰ্চনা কৰে। আজি প্ৰথম দিনা শৈলপুত্রী হিচাপে মা দুৰ্গাক আৰাধনা কৰা হয়। ইয়াৰ পাছত ক্ৰমান্বয়ে ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ড, স্কন্দমাতা, কাত্যায়নী ৰূপত শক্তিৰূপিনী মা দুৰ্গাৰ পূজা কৰা হ’ব। আনহাতে মহাষষ্ঠীৰ সন্ধিয়া বেলবৰণ কৰাৰ পাছতে সপ্তমীত কালৰাত্ৰি মহাষ্টমীত মহাগৌৰী আৰু মহা নৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত পূজা কৰাৰ পাছত দশমীত দেৱীক বিসর্জন দিয়া হ’ব। এইবাৰ দেৱীৰ হস্তীত আগমন হৈছে আৰু দোলাত গমন কৰিব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত এইবাৰ শাৰদীয় পূজাৰ পৰিৱেশ ম্লান পৰিছে যদিও সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে শক্তিপীঠ কামাখ্যা ধামকে ধৰি সকলো দেৱালয়তে এই নৱৰাত্ৰি পূজা আৰম্ভ হৈছে।