দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আজি গোৱা আৰক্ষীৰ নৱ নিযুক্ত ৭০০ গৰাকী কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয়। অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী ড° প্রমোদ সাৱন্ত মুখ্য অতিথি হিচাপে আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে প্রশিক্ষণ সমাপ্ত কৰা আৰক্ষী জোৱানসকলে পাছিং আউট পেৰেডত অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লাচিত বৰফুকন পুলিচ একাডেমীত গোৱাৰ কনিষ্টবল সকলক প্ৰশিক্ষণ প্ৰদান কৰাটো অসমৰ বাবে আনন্দৰ কথা বুলি মন্তব্য কৰে। তেওঁ কয়, যে গোৱা আৰু অসমৰ মাজৰ দূৰত্ব অধিক হোৱাৰ সত্ত্বেও এই জোৱানসকলক অসমত প্ৰশিক্ষণৰ জৰিয়তে আন্তঃৰাজ্যিক সমন্বয়ৰ উপৰি অসম আৰক্ষীৰ শৃংখলাবদ্ধ আৰু দক্ষ প্রশিক্ষণ ক্ষমতা প্ৰতিফলিত হৈছে।
কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে যোৱা ১৫ মাৰ্চত লাচিত বৰফুকন পুলিচ একাডেমীখন উদ্বোধন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই একাডেমীত ধাৰাবাহিকভাৱে অসম আৰক্ষীৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে। চলিত বছৰত মণিপুৰ আৰক্ষীত নিযুক্ত কণিষ্টবলকো এই একাডেমীত প্রশিক্ষণ প্ৰদান কৰা হৈছে বুলি তেওঁ কয় ।
উল্লেখযোগ্য যে গোৱা আৰক্ষীত নিযুক্ত প্ৰথম, দ্বিতীয় আৰু তৃতীয় ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ ৭০০ গৰাকী কনিষ্টবলৰ ৫৬৯ গৰাকী পুৰুষ আৰু ১৩১ গৰাকী মহিলা। অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী ড° প্রমোদ সাৱন্তে নিজৰ ভাষণত গোৱা আৰক্ষীৰ কনিষ্টবলসকলে লাচিত বৰফুকনৰ দৰে এগৰাকী মহাবীৰৰ নামেৰে নামকৰণ কৰা একাডেমীত প্রশিক্ষণ লাভৰ সুযোগ পোৱা কথাটো আনন্দৰ কথা বুলি উল্লেখ কৰে। এই অনুষ্ঠানত অসম আৰক্ষীৰ জোৱানসকলে মটৰ চাইকেল চলোৱাৰ দুঃসাহসিক ক্ৰীড়া কৌশল প্ৰদৰ্শন কৰে। এই দীক্ষান্ত সমাৰোহত কৃষি মন্ত্ৰী অতুল বৰা, বিত্তমন্ত্ৰী অজন্তা নেওগ, ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং, গোৱা আৰক্ষীৰ সঞ্চালক প্ৰধান আলোক কুমাৰকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
Site Admin | August 12, 2025 7:59 PM | Police Convocation
দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত গোৱা আৰক্ষীৰ নৱনিযুক্ত ৭০০ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ
