দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত আজি পুৱাৰ ভাগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে ৰাজ্যত সংগীত উৎসৱ পৰ্যটন অর্থনীতি গঢ়াৰ বাবে উন্নতমানৰ সংগীতানুষ্ঠান আয়োজনৰ স্থানসমূহ বিশ্বমানৰ পোহৰ আৰু শব্দ প্ৰযুক্তিৰ সৈতে বিকশাই তুলিবলৈ আজিৰ বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যৰ সৌৰশক্তি উৎপাদনৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ অসম সৌৰশক্তি উৎপাদন প্ৰচাৰ নীতি ২০২৫ত মন্ত্রীসভাই অনুমোদন জনাইছে। সেই অনুসৰি ২০৩০ চনৰ ভিতৰত ৩ হাজাৰ ৫০০ মেগাৱাট সৌৰশক্তি উৎপাদন তথা ৰাজ্যত ব্যক্তিগত আৰু ৰাজহুৱা বিনিয়োগক আকৰ্ষণ কৰি প্ৰায় ১৫ হাজাৰ নিয়োগ সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে। আজিৰ বৈঠকতে লাচিত বৰফুকন আৰক্ষীৰ একাডেমীৰ উন্নয়নৰ দ্বিতীয় পৰ্যায়ৰ বাবে ২২৯ কোটি ৪১ লাখ টকা ব্যয়ৰ প্ৰশাসনিক অনুমোদন জনায়। দুবছৰৰ ভিতৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী ৰূপ দিয়াৰ বাবে চহৰখনত নতুন বিধায়িনী পৰিসৰ আৰু বিধায়ক আৱাস নিৰ্মাণৰ বাবে মন্ত্রীসভাই ২৮৪ কোটি ৩ লাখ টকা আৱণ্টনত অনুমোদন জনায়। আজিৰ বৈঠকত মন্ত্রীসভাই ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামৰ আসনৰ সংখ্যা ৫ হাজাৰৰ পৰা ৩৫ হাজাৰলৈ বৃদ্ধি কৰি ইয়াক ৰাজ্যৰ সৰ্ববৃহৎ ষ্টেডিয়াম ৰূপে গঢ়ি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। খনিকৰ ক্ৰীড়া পৰিসৰ উন্নীতকৰণৰ বাবে মন্ত্রীসভাই ২০৯ কোটি ১৩ লাখ টকাৰ আৱণ্টনতো আজি অনুমোদন জনায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অধীনৰ ৪৭,৩০৬ হেক্টৰ অঞ্চলৰ চূড়ান্ত অধিসূচনা প্রস্তাৱত মন্ত্রীসভাই অনুমোদন জনায়। এই সম্প্ৰসাৰণৰ অধীনত গোপালঝাৰণি, গোনাইটাপু, ঠুটেচাপৰি, জবৰে, বালিগাঁও, বিশ্বনাথ ঘাট, উমাটুমনি, গাখীৰখাইতী, শিলঘাট আৰু হাতীমূৰা গাঁওসমূহ অন্তৰ্ভুক্তি আওতাৰ বাহিৰত ৰখা হৈছে। আজিৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি অসম চাহ কোম্পানী লিমিটেডৰ চাহ শ্ৰমিকৰ বাবে অহা ১ অক্টোবৰৰ পৰা দৈনিক মজুৰি ২২০ টকাৰ পৰা ২৫০ টকালৈ বৃদ্ধি কৰাৰ কথা মুখ্যমন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰে।
দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত
