দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

● অসম আৰক্ষীয়ে দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অধীনত এই পর্যন্ত ৯৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ কামৰূপ আৰক্ষীয়ে ছফিকুল হক নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰি প’ষ্ট দিয়াৰ উপৰি বিভিন্ন ছিমকার্ড ব্যৱহাৰ কৰা ছফিকুলক নিৰন্তৰ নিৰীক্ষণৰ পাছত আৰক্ষীয়ে কালি নলবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে।