ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশৰ সেনা বাহিনীয়ে আজি ৭৯ সংখ্যক পদাতিক দিৱস পালন কৰিছে

দেশৰ সেনা বাহিনীয়ে আজি ৭৯ সংখ্যক পদাতিক দিৱস পালন কৰিছে। স্বাধীন ভাৰতৰ সেনা বাহিনীয়ে ১৯৪৭ চনৰ ২৭ অক্টোবৰত কাশ্মীৰ উপত্যকাত পাকিস্তানে চলোৱা আক্রমণক প্ৰথম প্ৰত্যুত্তৰ জনোৱাৰ স্মৃতিত সেই দিৱস পালন কৰা হয়। দেশৰ অখণ্ডতা আৰু আঞ্চলিক সংহতি ৰক্ষাৰ বাবে দেশৰ সেনা বাহিনীৰ শিখ ৰেজিমেণ্টৰ প্ৰথমটো বেটেলিয়ন শ্ৰীনগৰত মকৰল কৰা হৈছিল। পাকিস্তানৰ সেনা বাহিনীৰ সহায়ত ভাৰতত আক্রমণ চলোৱাৰ প্ৰয়াস কৰা আক্ৰমণকাৰীক দেশৰ সেনা বাহিনীয়ে সাহসিকতাৰে প্ৰতিহত কৰিছিল। এই দিৱস উপলক্ষে সেনা বাহিনীৰ পদাতিক সেনাৰ মহা নিৰ্দেশক লেফটেণেণ্ট জেনেৰেল অজয় কুমাৰে প্ৰাক্তন সৈনিক তথা কৰ্মৰত সৈনিকসকলৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। কুমাৰে তেওঁলোকৰ অদম্য সাহস, কৰ্তব্যৰ প্ৰতি সমৰ্পণ তথা বৃত্তিটোৰ প্ৰতি থকা দায়ৱদ্ধতাক প্ৰশংসা কৰিছে। দেশৰ সুৰক্ষা আৰু সংহতি ৰক্ষাৰ ক্ষেত্ৰত সীমান্ত তথা আভ্যন্তৰীণ প্ৰত্যাহ্বানসমূহ প্রতিহত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কৰ্তব্যনিষ্ঠাক প্ৰশংসা কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।