ডাউনলোড
মোবাইল এপ

android apple
signal

June 15, 2025 12:14 PM | Amit Shah

printer

দেশৰ সাৰ্বভৌমত্বলৈ ভাবুকি কঢ়িয়াই অনা যিকোনো প্রচেষ্টাৰ বিৰুদ্ধে নির্ণায়ক ব্যৱস্থাৰে সমুচিত উত্তৰ দিয়া হ’ব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্রকাশ

ৰাষ্ট্ৰীয় সুৰক্ষা চৰকাৰৰ সৰ্বোচ্চ অগ্রাধিকাৰৰ বিষয় আৰু দেশৰ সাৰ্বভৌমত্বলৈ ভাবুকি কঢ়িয়াই অনাৰ যিকোনো প্রচেষ্টাৰ বিৰুদ্ধে নির্ণায়ক ব্যৱস্থাৰে সমুচিত উত্তৰ দিয়া হ’ব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে। মধ্যপ্ৰদেশৰ আকৰ্ষণীয় পাহাৰীয়া পৰ্যটন থলী পচমঢ়িত কালি বিজেপিৰ সাংসদ, বিধায়কৰ প্ৰশিক্ষণ শিবিৰৰ এটা সমাবেশত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে চৰকাৰ ৰাষ্ট্ৰৰ হিত সুৰক্ষিত কৰিবলৈ বদ্ধপৰিকৰ। তেওঁ লগতে কয়, যে দল আৰু দেশৰ ভৱিষ্যৎ গঢ়াৰ বাবে অনুশাসন, আদর্শগত প্রতিশ্রুতিবদ্ধতা আৰু ৰাজহুৱা সেৱা অতিকে গুৰুত্বপূর্ণ। শ্রী শ্বাহে ভাষণৰ আৰম্ভণিতে আহমেদাবাদ বিমান দুর্ঘটনাত প্ৰাণ হেৰুওৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানী আৰু অন্যান্যসকলৰ প্রতি শ্রদ্ধা নিবেদন কৰে। তেওঁ কয়, যে মোদী চৰকাৰ সুৰক্ষিত, বিকশিত আৰু সমৃদ্ধিশালী ভাৰতৰ দৃষ্টিভংগী বাস্তবায়িত কৰাৰ বাবে সক্রিয়ভাৱে কাম কৰি আছে। বিগত ১১ বছৰত চৰকাৰে প্ৰায় ২৬ কোটি লোকক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত কৰিছে, সাত কোটি পৰিয়ালক প্রয়োজনীয় সা-সুবিধা প্রদান কৰিছে আৰু খেতিয়কসকললৈ বিত্তীয় সাহায্য আগবঢ়াইছে বুলি শ্ৰী শ্বাহে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক