ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 2, 2025 7:54 PM | ISRO

printer

দেশৰ সবাতোকৈ গধুৰ যোগাযোগ কৃত্রিম উপগ্রহ CMS-03 মহাকাশলৈ উৎক্ষেপণ

ভাৰতীয় মহাকাশ গবেষণা সংস্থা ইছৰোই আজি সন্ধিয়া পাঁচ বাজি ২৬ মিনিটত অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা দেশৰ সবাতোকৈ গধুৰ যোগাযোগ কৃত্রিম উপগ্রহ CMS-03 মহাকাশলৈ উৎক্ষেপণ কৰে। CMS-03 একাধিক বেনযুক্ত সামৰিক যোগাযোগ উপগ্রহ। ভাৰতৰ আটাইতকৈ শক্তিসম্পন্ন কার্যক্ষম পঞ্চমটো ৰকেটৰ সহায়ত এই উপগ্ৰহটো উৎক্ষেপন কৰা হয়। এই উপগ্ৰহটোৰ GSAT-7R নামেৰেও জনাজাত। এই উপগ্রহটো LVM3 নামৰ ৰকেটেৰে উৎক্ষেপণ কৰা হব। ইছৰোই প্ৰকাশ কৰা মতে এই উপগ্ৰহটোৱে ভাৰতীয় ভূভাগসহ মহাসাগৰীয় অঞ্চলত সেৱা আগবঢ়াব।