ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণত চৰকাৰে প্ৰচেষ্টা চলাই আছে : গজেন্দ্র সিং শ্বেখাৱটে

কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি মন্ত্রী গজেন্দ্র সিং শ্বেখাৱটে দক্ষতা নির্মাণ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে দেশৰ সংস্কৃতি আৰু ঐতিহ্যক সংৰক্ষণৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাৰ শলাগ লয়। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী শ্বেখাৱটে কয় যে, ভাৰতত বিশ্ব ঐতিহ্য সমিতিৰ বৈঠক অনুষ্ঠিত কৰাটো হৈছে জি-২০ৰ অধ্যক্ষতাৰ পাছত ভাৰতৰ সামৰ্থ বৃদ্ধি প্ৰদৰ্শন কৰাৰ এটা উদাহৰণ। উল্লেখযোগ্য যে ২১ জুলাইত আৰম্ভ হোৱা এই সমিতিৰ বৈঠকৰ আজি অন্ত পৰিব। শ্ৰী শ্বেখাৱটে লগতে উল্লেখ কৰে যে, চৰকাৰে যিমান সম্ভৱ বহুকেইটা ভাৰতীয় স্থানক ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বিগত ১০ বছৰত ঐতিহ্যৰ তালিকাত ১৩ খন ক্ষেত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশত প্ৰথমবাৰৰ বাবে বিশ্ব ঐতিহ্য সমিতিৰ বৈঠক অনুষ্ঠিত কৰাৰ বিষয়টোত আলোকপাত কৰি শ্ৰী শ্বেখাৱটে কয় যে, অসমত ৬০০ বছৰ ধৰি ৰাজত্ব কৰা টাই-আহোমৰ সমাধিক্ষেত্ৰ চৰাইদেউৰ মৈদামসমূহ এইবাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হ’ল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ভাৰতে সম্ভাৱ্য ঐতিহ্য তালিকাত আৰু ৫৩ খন ক্ষেত্ৰৰ নাম প্ৰস্তাৱ কৰিছে বুলিও প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।