November 1, 2024 7:36 PM

printer

দেশৰ লগতে অসমতো আজিৰে পৰা ২১ সংখ্যক ৰাষ্ট্ৰীয় পশুধন পিয়ল আৰম্ভ

সমগ্ৰ দেশৰ লগতে অসমতো আজিৰে পৰা ২১ সংখ্যক ৰাষ্ট্ৰীয় পশুধন পিয়ল আৰম্ভ হৈছে। ইয়াৰ অংশ হিচাপে আজি গোলাঘাটৰ বোকাখাত সমজিলাৰ কুৰুৱাবাহী পঞ্চায়তৰ নগয়া পামত আয়োজিত উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত থাকে। আজিৰ উদ্বোধনী অনুষ্ঠানত ডিজিটেল এপৰ জৰিয়তে কিছুসংখ্যক পশুপালকৰ তথ্য পঞ্জীভুক্ত কৰা হয়। উল্লেখযোগ্য যে পশুপালন আৰু পশু চিকিৎ‍সা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে পশুপালকসকলৰ ঘৰে ঘৰে গৈ ডিজিটেল এপৰ জৰিয়তে পশুধন পিয়লৰ কাম সম্পূর্ণ কৰাৰ অভিযান আৰম্ভ কৰিছে।