প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে দেশৰ মহানগৰসমূহ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ এটা প্ৰৱন্ধৰ সহাৰি জনাই শ্ৰীমোদীয়ে এইকথা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে এইবুলি উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ অহৰহ প্ৰয়াসৰ ফলত দেশৰ পথসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ উঠাৰ লগতে মহানগৰসমূহত দ্রুত বিকাশ হোৱাৰ উপৰি সেউজীয়া হৈ পৰিছে। কেন্দ্ৰীয় মন্ত্রী হৰদীপ সিং পুৰীয়ে তেঁওৰ প্ৰৱন্ধত উল্লেখ কৰিছে যে প্রধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰৰ বিকাশৰ কাৰ্যসূচীত মহানগৰসমূহকো গুৰুত্ব আৰোপ কৰি বিকাশৰ ইঞ্জিন হৈ গৌৰৱৰ প্ৰতীক বুলি বিবেচিত কৰিছে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে নগৰ অঞ্চলৰ বিকাশৰ বাবে অধিক গুৰুত্ব আৰোপ কৰিছে। এই ক্ষেত্ৰত পুঁজিৰ পৰিমান ২০০৪ চনৰ পৰা ২০১৪ চনলৈকে ১ লাখ ৫৭ হাজাৰ কোটি টকাৰ বিপৰীতে বৰ্তমান এই পুঁজি ২৮ লাখ ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি হৈছে।
Site Admin | September 15, 2025 8:40 PM | PM Growth
দেশৰ মহানগৰসমূহ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈছে : প্ৰধানমন্ত্ৰী মোদী