দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলদৈৰ এখন জনসভাত আজি ঘোষণা কৰে। প্ৰধানমন্ত্রী শ্রীমোদীয়ে কয় যে অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসনৰ পৰা দেশৰ প্ৰতি ইঞ্চি ভূমি উদ্ধাৰ কৰা হ’ব। অনুপ্ৰৱেশকাৰীৰ পৃষ্ঠপোষকসকলক সকিয়াই দি প্রধানমন্ত্রীয়ে লগতে কয়, যে অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষন দিয়া শক্তিয়ে যিমানেই চেষ্টা নকৰাক কিয়, প্রাণ দি হলেও তেওঁলোকক প্রতিহত কৰা হ’ব। শ্রীমোদীয়ে অনুপ্ৰৱেশকাৰীৰ বেদখলৰ পৰা প্ৰায় ১ লাখ বিঘা ভূমি উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱাৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰক প্ৰশংসা কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মঙলদৈত প্রায় ৫৭৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দৰং চিকিৎসা মহাবিদ্যালয়, এখন জি. এন. এম. স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে ভার্চুৱেল ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া নাৰেঙ্গী-কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্রকল্পৰো আধাৰশিলা স্থাপন কৰে। এই উদ্দেশ্যে মঙলদৈত আয়োজিত এখন জনসভাত বিৰোধী পক্ষ বিশেষকৈ কংগ্ৰেছৰ বিৰুদ্ধে প্রধানমন্ত্ৰী সৰৱ হৈ উঠে। ভাষণৰ আৰম্ভণিতে শ্রীমোদীয়ে কয়, যে মা কামাখ্যাৰ আশীৰ্বাদত অপাৰেছন সিন্দুৰ সফল হ’ল। অপাৰেছন সিন্দূৰৰ পিছত এয়া তেওঁৰ প্ৰথম অসম ভ্রমণ বুলি উল্লেখ কৰি তেওঁ ৰাজ্যজুৰি আজি উদযাপন হবলগীয়া ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষে সকলোকে শুভেচ্ছা জনায়। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষত তেওঁ কংগ্ৰেছক সমালোচনা কৰি কয় যে সুধাকণ্ঠক ভাৰতৰত্ন দিয়াত কংগ্ৰেছে ঘোৰ বিৰোধিতা কৰিছিল। তেওঁ অসমৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ সন্মান আৰু সংৰক্ষণৰ লগতে ৰাজ্যখনৰ দ্ৰুত বিকাশ চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয় বুলি উল্লেখ কৰে। স্বাধীনতাৰ পিছত চীনৰ আক্ৰমণৰ সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মন্তব্যই অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলক আঘাত দিছিল বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয় যে অসমৰ পূৰ্বপুৰুষৰ সপোন এতিয়া বিজেপিয়ে পূৰণ কৰিছে। তেওঁৰ বাবে জনতাই ভগৱান বুলি ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ ১৪০ কোটি জনতাই হৈছে তেওঁৰ শক্তি। বিকাশৰ বাবে সূচল যোগাযোগ ব্যৱস্থা অপৰিহাৰ্য বুলি উল্লেখ কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সেয়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যত যোগাযোগ ব্যৱস্থা উন্নত কৰাত গুৰুত্ব দিছে। তেওঁ কয় যে ভাৰত সম্প্ৰতি বিকাশৰ দিশত খৰটকীয়াকৈ আগবাঢ়িছে আৰু অসম হৈছে দেশৰ অন্যতম খৰটকীয়াকৈ বিকাশ হোৱা ৰাজ্য। জনতাৰ বাবে অধিক কাম কৰাত তেওঁ আগ্রহী বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে ইয়াৰ বাবে অসমবাসীৰ আশীৰ্বাদ বিচাৰে। প্ৰধানমন্ত্রীয়ে কয় যে তেওঁ কেৱল বৰ্তমানৰ বাবে নহয় বৰং অহা ৪০-৫০ বছৰৰ বাবে দেশৰ আন্তঃগাথনি শক্তিশালী কৰি ৰখাত গুৰুত্ব দিছে। ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ বাবে দেশৰ প্ৰতিজন নাগৰিক আগবাঢ়ি আহিছে বুলি উল্লেখ কৰি তেওঁ এই কথাত সন্তোষ প্ৰকাশ কৰে। ভাষণ প্ৰসংগত তেওঁ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰেৰ কৰা জি এছ টিৰ ব্যাপক সংস্কাৰৰ বিষয়েও উল্লেখ কৰে। আজি মঙলদৈ আৰু মঙলদৈৰ পৰা আধাৰশিলা স্থাপন কৰা ৬৫০০ কোটি টকাৰ প্ৰকল্পই ৰাজ্যখনৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।
অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে প্রধানমন্ত্ৰীগৰাকীয়ে দৰং জিলাত আধাৰশিলা স্থাপন কৰা ৬৩০০ কোটি টকাৰ তিনিটাকৈ আন্তঃগাঁথনিমূলক প্রকল্পই অঞ্চলটোৰ উন্নয়নৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব। ৩ বছৰৰ ভিতৰত দৰং মেডিকেল কলেজৰ কাম সম্পূৰ্ণ কৰি তোলা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বহু প্রত্যাশিত গুৱাহাটীৰ ৰিং ৰোড প্রকল্পই গুৱাহাটী মহানগৰীক দৰং আৰু মৰিগাঁও জিলাৰে সংযুক্ত কৰি সমগ্ৰ অঞ্চলটোক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যাব বুলিও তেওঁ প্ৰকাশ কৰে। আজিৰ এই আধাৰশিলা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী কেশৱ মহন্ত, জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে।
Site Admin | September 14, 2025 6:58 PM | PM Modi at Mangaldoi
দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা
