দেশৰ বৰ্ণাঢ্য বয়ন পৰম্পৰাক স্বীকৃতি দি আজি বিভিন্ন অংশত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। ব্ৰিটিছ শাসনক প্রতিহত কৰাৰ অংশ হিচাপে ১৯০৫ চনৰ ৭ আগষ্টত আৰম্ভ কৰা ঐতিহাসিক স্বদেশী আন্দোলনৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। এই আন্দোলনে থলুৱা উদ্যোগ, বিশেষকৈ হস্ততাঁতশিল্পৰ প্ৰসাৰ ঘটাইছিল।
কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰীৰাজ সিঙে আজি নতুন দিল্লীত সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা ২০২৫ প্ৰদান কৰে। সন্ত কবিৰ বঁটাত ৩ লাখ ৫০ হাজাৰ টকা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত ২ লাখ টকা প্ৰদান কৰা হৈছে। এই বঁটাৰ জৰিয়তে হস্ততাঁত খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা বয়ন শিল্পী, চানেকি প্ৰস্তুত কৰোতা, ষ্টার্টআপ আৰু ইয়াৰ সৈতে জড়িত কোম্পানীসমূহক স্বীকৃতি প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰী সিঙে কয়, যে বর্তমান বিশ্বত বহনক্ষম বস্ত্ৰ সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে আৰু ভাৰতীয় হস্ততাঁত উদ্যোগে এই প্রয়োজন পুৰণ কৰিবলৈ সমৰ্থ হৈছে। কিন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হস্ততাঁত সামগ্ৰীসমূহক সমগ্ৰ বিশ্বতে জনপ্রিয় কৰি তুলিবলৈ আহ্বান জনায়। তেওঁ লগতে উল্লেখ কৰে যে, দেশৰ বয়নশিল্পীসকলৰ আৰ্হিসমূহ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত হস্ততাত আৰু বস্ত্ৰ মন্ত্ৰালয়ে কাম কৰি আছে।
অনুষ্ঠানত অংশ লৈ বস্ত্ৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয়, যে ই-বাণিজ্যৰ একত্ৰিকৰণৰ জৰিয়তে এখন বৃহত বজাৰৰ সুবিধা দি বয়নশিল্পীসকলক সৱলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। তেওঁ লগতে কয়, যে জি আই টেগ যুক্ত সামগ্ৰী আৰু হস্ততাঁত চিহ্ন তথা হস্ততাঁত ভাৰত ব্ৰেণ্ডৰ জৰিয়তে চৰকাৰে প্ৰমাণিকৃত, গুণগত আৰু পৰিৱেশ অনুকূল শিল্প কৌশল সুনিশ্চিত কৰিছে।
অসমত হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত আজি গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। ইপিনে উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত নিগম লিমিটেডে গুৱাহাটীৰ হস্তশিল্প প্ৰসাৰ আৰু অভিজ্ঞতা কেন্দ্ৰত আয়োজন কৰা বিশেষ অনুষ্ঠানত অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে হস্ততাঁতজাত সামগ্ৰীসমূহ আমাৰ পৰিচয় আৰু ৰাষ্ট্ৰৰ গৌৰৱ বুলি উল্লেখ কৰে।
Site Admin | August 7, 2025 9:14 PM | Akashvani | Akashvani New Delhi | Akashvani News | Giriraj Singh | National Handloom day
দেশৰ বৰ্ণাঢ্য বয়ন পৰম্পৰাক স্বীকৃতি দি আজি বিভিন্ন অংশত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন
