দেশৰ বিভিন্ন ৰাজ্যৰ উপকূলৱৰ্তী আৰু ভিতৰুৱা অঞ্চলত উপলব্ধ দুষ্প্রাপ্য খনিজ পদার্থ আহৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭ হাজাৰ কোটিতকৈ অধিক টকাৰ অনুমোদন জনাইছে। এই খনিজসমূহ অন্ধ্রপ্রদেশ ওড়িশা, তামিলনাড়ু, কেৰালা, পশ্চিমবংগ, ঝাৰখণ্ড, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ সমুদ্ৰতীৰৰ বালিচৰ, ৰঙাবালি আৰু বোকা আলতীয়া মাটিত প্ৰচুৰ পৰিমাণে মজুত হৈ আছে। এই দুর্লভ খনিজসমূহ আহৰণৰ জৰিয়তে চৰকাৰে ছিণ্টেডে ৰেয়াৰ আৰ্থ পাৰ্মেণেণ্ট মেগনেট চমুকৈ আৰ ই পি এম নিৰ্মাণত উদগনি যোগোৱাৰ উদ্দেশ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। এই আঁচনিৰ লক্ষ্য হৈছে উচ্চ মূল্যসম্পন্ন চুম্বক উৎপাদনৰ বাবে দেশৰ প্ৰথমটো সমন্বিত ঘৰুৱা উৎপাদন পৰিস্থিতি তন্ত্ৰ গঢ়ি তোলা।
Site Admin | December 27, 2025 8:23 PM | Akashvani | Akashvani News | India Govt.
দেশৰ বিভিন্ন ৰাজ্যৰ দুষ্প্রাপ্য খনিজ পদার্থ আহৰণৰ বাবে ৭ হাজাৰ কোটিতকৈ অধিক টকাৰ অনুমোদন কেন্দ্ৰৰ